logo

সোণাৰিত সংগীত চিকিৎসা আৰু কণ্ঠ উৎকৰ্ষ সাধনৰ কৰ্মশালা আয়োজন

সোণাৰি ৪ এপ্ৰিল : সংগীতে কেৱল আমাক মনোৰঞ্জন দিয়াই নহয় সংগীত চৰ্চাৰ জড়িয়তে ব্যক্তিত্ব বিকাশৰ লগতে মানসিক উৎকৰ্ষ সাধনত বহুতো অবদান আগবঢ়ায়। ইয়াৰ উপৰিও সংগীত চিকিৎসাৰ দ্বাৰা বহুতো ৰোগ নিৰাময়ৰ কৰিব পাৰি। মৰাণৰ এখন অগ্ৰণী সংগীত শিক্ষানুষ্ঠান 'ৰং এণ্ড ৰিদম' আৰু সোণাৰি জুনিয়ৰ কলেজৰ উদ্যোগত অহা ২০ আৰু ২১ এপ্ৰিল ২০২৪ তাৰিখে সোণাৰি জুনিয়ৰ কলেজৰ প্ৰাঙ্গনত প্ৰথম বাৰৰ বাবে সোণাৰি ত 'সংগীত চিকিৎসা আৰু কণ্ঠ উৎকৰ্ষ কৌশল কৰ্মশালা ' আয়োজন কৰা হৈছে। উক্ত কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকিব মোম্বাইত প্ৰতিষ্ঠিত দুগৰাকী অসম সন্তান বিশিষ্ট সংগীত চিকিৎসক তথা কণ্ঠশিল্পী অনুভূতি কাকতি গোস্বামী আৰু 'বজৰংগী ভাইজান' কামাণ্ডো -২' বৰ্ফি, আদি বহুতো জনপ্ৰিয় হিন্দী কথাছবিৰ সংগীত ব্যৱস্থাপক ইমন সেউজ গোস্বামী। উক্ত কৰ্মশালাত গীত গোৱা, আবৃত্তি, বক্তৃতা আদিৰ বাবে কেনেদৰে কণ্ঠটো শ্ৰুতি মধুৰ কৰি তুলিব পাৰি লগতে সংগীতৰ জড়িয়তে কেনেদৰে বিভিন্ন ৰোগ নিৰাময়ৰ কৰিব পাৰি আদিৰ বিষয়ে আলোচনা কৰা হ'ব। ইয়াৰ উপৰিও গীত এটা কেনেকৈ ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰা হয়? এটা গীতত সংগীত পৰিচালনা তথা ব্যৱস্থাপনা কৰিবলৈ কি কি গুণৰ আবশ্যক? ইত্যাদি সংগীতৰ বিভিন্ন দিশৰ আলোচনা কৰা হ'ব। দুদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা ছাত্ৰ -ছাত্ৰী তথা সংগীতপ্ৰেমীয়ে নাম পঞ্জীয়নৰ বাবে সোণাৰি জুনিয়ৰ কলেজৰ কাৰ্যালয়ত অথবা ৯৯৫৪৪১৫৮৫২আৰু ৮০১১১০৭২৮১ নম্বৰত যোগাযোগ কৰিব পাৰিব।

98
5008 views